Wednesday 16 November 2011

নগ্ন জীৱন যুদ্ধ --

শীতৰ সুগন্ধত পুৱতি নিশা নিয়ৰৰে আলিংগন
ভিজি যায় মোৰ সমস্ত শৰীৰ
মই মুগ্ধ হৈ পৰো সপোন কাননত
সৃষ্টি দেৱীৰ স্পৰ্শ আৰু চুম্বনত
শিহৰন যাত্রাৰ আলোকময়ী চিত্র
মগজুৰ ভিতৰে বাহিৰে স্বপ্নমগ্নতাত আছন্ন শৰীৰ
উত্তাপৰ চৰমসীমাত আশ্বাৰ্য্য চেতনাৰ
আক্ষেপ হয় --
আক্ষেপ হয় চয়তানৰ পৃথিৱীত মমতাৰ যাত্রা
আলোকিত সুৱাসিত প্রেম ভালপোৱাৰ
আৰু কুসুম শব্দৰ স্ফুলিংগ বিয়পি পৰা
প্রতিখন হৃদয়ৰ বৈদ্যুতিক তৰঙ্গ
নগ্ন জীৱন যুদ্ধৰ এখন পাৰ্থিব চিত্র ৷
নগ্ন জীৱন যুদ্ধ --

শীতৰ সুগন্ধত পুৱতি নিশা নিয়ৰৰে আলিংগন
ভিজি যায় মোৰ সমস্ত শৰীৰ
মই মুগ্ধ হৈ পৰো সপোন কাননত
সৃষ্টি দেৱীৰ স্পৰ্শ আৰু চুম্বনত
শিহৰন যাত্রাৰ আলোকময়ী চিত্র
মগজুৰ ভিতৰে বাহিৰে স্বপ্নমগ্নতাত আছন্ন শৰীৰ
উত্তাপৰ চৰমসীমাত আশ্বাৰ্য্য চেতনাৰ
আক্ষেপ হয় --
আক্ষেপ হয় চয়তানৰ পৃথিৱীত মমতাৰ যাত্রা
আলোকিত সুৱাসিত প্রেম ভালপোৱাৰ
আৰু কুসুম শব্দৰ স্ফুলিংগ বিয়পি পৰা
প্রতিখন হৃদয়ৰ বৈদ্যুতিক তৰঙ্গ
নগ্ন জীৱন যুদ্ধৰ এখন পাৰ্থিব চিত্র ৷

Tuesday 15 November 2011

চেতনাৰ চিন্তা

নিয়ৰসিক্ত প্রভাততে তোমাক লগ পোৱাৰ কথা
তুমি কথা দিছিলা আকৌ আহিবা
একবিংশ শতিকাৰ পঞ্চম দশকতো তোমাক লগপোৱাৰ কথা
মই বিশ্বাস কৰো তোমাৰ প্রতিশ্রুতিৰ কথা
মই গভীৰভাবে আশাকৰোঁ তোমাৰ কবিতাৰ ভাষা
মই আমন্ত্রন কৰো তোমাৰ সেই বিশ্বমানৱতা
পুনৰ-- পুনৰ মানুহৰ প্রানত স্থাপিত হোৱাৰ কথা
আৰু প্রানে প্রানে আন্দোলিত হোৱা যেন
বিয়পি পৰা বিশাল চেতনাৰ চিন্তা ৷

( আজি শ্রদ্ধেয় ভূপেন হাজৰীকাদেৱৰ আদ্যশ্রাদ্ধৰ দিনা প্রতিজন অসমীয়াৰ চেতনাত যাতে সংকল্পবদ্ধতাৰ প্রতিশ্রুতিৰ একতাৰ সুৰসমলয়ৰে ভৰি পৰে তাৰেই কামনা কৰি মোৰ প্রানৰ সুৰক গভীৰ শ্রদ্ধা জনালো ৷ )
 নিয়ৰসিক্ত  প্রভাততে  তোমাক  লগপোৱাৰ  কথা
তুমি  কথা  দিছিলা,  তুমি  আকৌ  আহিবা  
একবিংশ  শতিকাৰ  পঞ্চম  দশকতো 
তোমাক  লগপোৱাৰ  কথা  
মই  বিশ্বাস  কৰোঁ,
মই  বিশ্বাস  কৰোঁ  তোমাৰ  প্রতিশ্রুতিৰ  কথা
মই  গভীৰ  ভাবে  আশাকৰো 
আশাকৰো  তোমাৰ  কবিতাৰ  ভাষা
মই  আমন্ত্রন  কৰো  তোমাৰ  সেই বিশ্বমানৱতা
পুনৰ --
পুনৰ  মানুহৰ  প্রানত  স্থাপিত  হোৱাৰ  কথা
আৰু  প্রানে  প্রানে  হোৱা  সেই,
সেই  বিশাল  চেতনাৰ  চিন্তা  ৷
( আজি    ১৫  নভেম্বৰ  ২০১১ত   শ্রদ্ধেয়    ভূপেন    হাজৰীকাদেৱৰ  আদ্যশ্রাদ্ধৰ   দিনা  প্রতিজন   অসমীয়াৰ  চেতনাত  যাতে  সংকল্পবদ্ধতাৰ   প্রতিশ্রুতিৰ   একতাৰ   সুৰসমলয়ৰে   ভৰি   পৰে    তাৰেই   কামনা   কৰি   মোৰ    প্রানৰ   সুৰক   গভীৰ   শ্রদ্ধা   জনালো ৷ )

 
 

Sunday 13 November 2011

সুৰ আৰু সন্ধান

শীতৰ  আঘাটত  কঁপি  উঠা  জোনবাইৰ  মুখখন  
আৰু  মোৰ  ভৰিৰ  তলৰ  সেউজী  দুৱৰিজনী 
কেতিয়াবা  তেনেই  মুচকচ  হৈ  পৰা  দেখিছো  
মই  দেখিছো  কেতিয়াবা  উচুপি  উঠা  
জীৱন  নদীৰ  পাৰে  পাৰে  বিস্তৃত  হৈ  পৰা 
আকাশে  বতাহে  বুকুৰ  ভিতৰে  বাহিৰে  
শুনিছো  হেজাৰ  নিশাৰ  বিলাপৰ  প্রতিদ্ধনী  
অথচ  তুমি  লিপ্ত  হৈ  পৰিছা 
নিবিচৰা  সেই  শব্দৰ  আলিংগনত
আৰু  উন্মাদ  হৈ  পৰিছা  
সেই  নিষ্ঠুৰ  আঘাটৰ  যাত্রা 
সাবতি  সাবতি  ৷
 

শিল্পীৰ পৃথিবী


শিল্পীৰ  পৃথিবীত  এবাৰেই  জন্ম  হয়  ৷  কিয়নো  এজন  শিল্পী  স্বয়ং  ভগবানৰে  অন্য  এক  ৰূপ  ৷  
মই  গৌৰাম্বিত ৷  মই  গৌৰাম্বিত  এই  কাৰনেই  যে,  মোৰ  দেশতেই  স্বয়ং  ভগবানেই  মনুষ্য  ৰূপত  জন্ম  গ্রহন  কৰিছিল  ৷  সেই  ভগবানৰ  স্বৰূপ  দৰ্শন  কৰাৰ  মোৰ  সৌভাগ্য  লাভ  হৈছিল  ৷  মই  ধণ্য  হৈছিলো  তেওঁৰ  সানিধ্য  লাভত  আৰু  মই  পবিত্রতাৰ  সুগন্ধত  মোৰ  জনমভূমি  সুগন্ধিত  হৈ  উঠিছিল  ৷  সেই  সুগন্ধ  বিয়পি  পৰিছিল  দেশে  দেশে  কোনে  কোনে  হৃদয়ে  হৃদয়ে  বিশ্বৰ  পৰিধি  ভাঙি  ৷  
সেইখনেই  মোৰ  মৰমৰ  পূণ্য  জন্মভূমি  অসম  আৰু  অসমীয়া  ৷ 
মোৰ  এই  পূণ্যভূমিতেই  মহা  মা  নৱৰ  জন্ম  ৷  
ইয়াতেই  ৰচনা  হৈছিল  মৃত্যুৰ  এক  সত্য  যাত্রাৰ  শিল্পৰ  কবিতা  ৷   হৃদয়ৰ  কবিতা  আৰু  কবিতাৰ  কন্ঠ  ৷  এক  উদাক্ত  কন্ঠ  ৷  এক  অপৰাজেয়  কন্ঠ  ৷  এখন  ছবিৰ  কন্ঠ  ৷  যি  কন্ঠৰ  ধ্বনীত  নিনাদিত  হৈছিল  বিশ্বৰ  প্রতিখন  হৃদয়  ৷  যি  হৃদয়ত  আছিল  পিতৃত্ব  ৷  যি  পিতৃ  আছিল  অমৰত্ব  ৷  সেই  দুৰন্ত  হৃদয়ৰ  প্রেমিক  তুমি  চিৰ  নমষ্য  ৷
 

Saturday 12 November 2011

জীৱন তুমি বৰ অনুপম

জীবন অনুপম --

জীৱন -  জীৱন তুমি বৰ অনুপম
শেৱালি শীতৰ এটি নিৰৱ সন্ধিয়া
মই তোমাৰ সতে মিলিত হ'ব খোজো
এটি অন্তৰঙ্গতাৰে ভৰা গোপন নিশা
বিচাৰি যাব খোজো অতীতৰ হিমচেঁচা উম
এনেদৰেই তুমি অনুপম বৰ অনুপম
জীৱন তুমি বৰ অনুপম ৷

Wednesday 9 November 2011

শিল্পীৰ পৃথিবী

শিল্পীৰ পৃথিবীত এবাৰেই জন্ম হয় ৷ কিয়নো এজন শিল্পী স্বয়ং ভগবানৰ অন্য ৰূপ ৷
মই গৌৰাম্বিত ৷ মই গৌৰাম্বিত এই কাৰনেই যে, মোৰ দেশত স্বয়ং ভগবানে মনুষ্য ৰূপত জন্ম লৈছিল ৷ মহা পূণ্যভূমি মোৰ দেশ ৷ মৰি মৰিও যেন পুনৰ জন্ম হয় মোৰ এই দেশতেই ৷ যিখন দেশত মহা মা - নৱৰ জন্ম, সেইখন দেশ মোৰ পূণ্যতকৈয়ো পূণ্যভূমি মোৰ মৰমৰ অসম আৰু অসমীয়া ৷
মৃত্যুৰ এক সত্য যাত্রাৰ শিল্পৰ কবিতা ৷ হৃদয়ৰ কবিতা আৰু কবিতাৰ কন্ঠ ৷
এক উদাক্ত কন্ঠ ৷ এক অপৰাজেয় কন্ঠ ৷ এখন ছবিৰ কন্ঠ ৷
যি কন্ঠৰ শব্দত ধ্বনিত হৈছে আজি সমগ্র বিশ্ব ৷ যি বিশ্বত নিনাদিত হৈছে আজি পিতৃত্ব ৷ যি বিশ্বত জিলিকিছে আজি অমৰত্ব ৷ তুমি সেই বিশ্ব বন্দিত চিৰ নমষ্য ৷

তুমি ভূষণ ভূলিংগ

কম্পিত আজি সুৰৰ চোতাল
হাহাকাৰ পৃথিৱীৰ পোহৰৰ
নাই আস্বাদন নাই আলিঙ্গন
হেৰাই যোৱা নদীও স্থবিৰ
যন্ত্রনাত চেপা খোৱা কিছু শব্দৰ
মাথো আষ্ফালন
তুমি নাই তুমি নাই
ৰূপচকলীয়াৰ বিহংগমী দৃষ্টিতো
হতাশাৰ ৰূপকথা
মানৱ ৰূপান্তৰীত তুমি
তুমি জীৱনত কিংবদন্তি হৈ
জীৱন্ত হে মহা মা - নৱ
তুমি ভূষণ ভূলিংগ
তুষাৰ বিস্তৃত সাগৰৰ পাৰে পাৰে যাত্রা
ক্লান্ত এতিয়া প্রানগঙ্গাৰ ছবি ৷

Thursday 3 November 2011

বিহঙ্গম পূৰ্নতা


জীৱনৰ  শূন্যতাক  স্বীকাৰ  কৰা
এক  অনন্ত  যাত্রাৰ  পথিক  তুমি   
শৰীৰ  আৰু  মনক  এবাৰ  মাথো  
এবাৰ  মাথো  প্রাৰ্থক্যৰে  চোৱা 
জীৱন  তুমি  সদায়েই  নতুন  
বিহঙ্গম  পূৰ্নতা  প্রিয়তম  মোৰ  ভালপোৱা  
ভালপোৱা  মাথো  ভালপোৱা  ৷ 
 

অনিৰ্বান

অনিৰ্বান প্রেম
অনিৰুদ্ধ গতিত
অনাবৃত আলোকময়
অনিমেষ দৃষ্টি
অনিৰ্বাচনীয় অনিৰ্বাচনীয় ৷

Tuesday 1 November 2011

মহামানব

হে মহামানৰ তোমাৰ যাত্রা অবিৰত
প্রতিটো ঋতুতেই প্রতিটো প্রহৰতে
তোমাৰ জন্ম
অবিৰত তোমাৰ জন্ম
কোনো কালতেই স্থবিৰ নহয়
তোমাৰ যাত্রা
হৃদয়ৰ আশেপাশে মেৰিয়াই থকা
তোমাৰ আকাশীলতাৰো স্বপ্ন
তুমি প্রিয় প্রিয়তম
মা - নব
অতীত, বৰ্ত্তমান আৰু ভবিষ্যৎ
কেবল যাত্রাৰ জয়গান
তুমি পাহৰিব পাৰা
তোমাৰ পথৰ গতি
তুমি হেৰুৱাব পাৰা
তোমাৰ স্মৃতি
তোমাৰ তৃপ্তি
গন্ধ, স্পৰ্শ আৰু আলিংগন
এইয়াই ক্ষনিকৰ আত্মবিলুপ্তি
জন্ম - জন্মান্তৰে
তুমি মা - নব স্বীকৃতি

মা -- নব

যাক আমি সমাজৰ আৱৰ্জনা বুলি ভাবো, তেওঁৱেই আমাৰ প্র্রয়োজনীয় ৷ যাক আমি ঘৃনা কৰিবলৈ চেষ্টা কৰোঁ, তেওঁৱেই আমাৰ অতি প্রিয়  |  যিজন আমাৰ কাষত থাকিব বুলি বিশ্বাস কৰো, তেওঁৱেই আমাৰ দূৰত্ব ৷
মই তোমাৰ মাজত আছো । মোক তুমি ঘৃনা, মৰম, ভালপোৱা অথবা শত্রুতাও কৰিব পাৰা । জীবনৰ অনন্য বালিচৰাত তুমিওটো মোৰ সহযাত্রী ৷ কিয়নো মই তোমাৰ হৃদয়ত আছো ৷ উপলদ্ধিৰ সীমনাত এক জটীল প্রশ্ন - তুমি কোন ? উত্তৰেই তোমাৰ সহযাত্রী ৷ অনুপম যাত্রাৰ সংগী ৷
মই তোমাৰ মাজত আছো ৷ সংস্কৃতত আছে, '' মা নব'' ৷ অৰ্থাৎ ''মই'' নতুন নহয় ৷ ''মই'' আগতেও আছিলো, এতিয়াও আছো আৰু ভবিষ্যতেও থাকিম ৷