Sunday 30 October 2011

জন্মলীলা --

জীবনৰ পথে পথে কিমানযে দূৰ অতীত
খোজে খোজে চিন মাথো তোমাৰ ৰজনীগন্ধা
সুবাসিত কৰি যায় জীবনৰ মেলা
উভতি চাব খুজি মনিব নোৱাৰা
যেন আইতাৰ কোলাত শুনা সেই সাধুকথা
চিনাকীৰ পূৰনী আবেদন
পাহৰিব খুজিও পাহৰিব নোৱাৰা এক স্বপ্নগাঁথা
ইহ জন্ম নে পৰজন্ম
স্মৃ্তিৰ সেইয়াই ক্ষনিক আত্ম বিলুপ্তি
স্বাগতম তোমাৰ প্রান প্রতিস্থা ৷

প্রকৃত শব্দ --



পৃথিবীৰ প্রকৃত শব্দইটো মৃত্যু
তুমিও জানা --
অথচ ! পথৰ সন্ধান বিচাৰিছা
চকুলোৰ ঠিকনাত মাথো সোঁৱৰন
এমুঠি শ্রদ্ধাঞ্জলি
এইয়াই জীবনৰ বিভিন্ন পথৰ যাত্রা
অদ্ভূত সেই চিনাকী পৰ্ব
প্রেম ভালপোৱাৰে গঢ়া
মাটিৰ চাকিৰ শলিতাই
গচকি যায় পোহৰৰ বাট
নিয়ৰেও চিনাকী দি যায়
সঞ্চিত বুকুৰ টোপাল
আৰু তোমাৰ পৰিচয় হয় মোৰ সতে
সপোনৰ বালিচৰাত ৷
(২০০৮ চনৰ ৩০ অক্টোবৰ সুঁৱৰি )

Saturday 29 October 2011

খিড়িকী --

খিড়িকীৰ মুখতেই তোমাৰ জন্ম
বাৰে বাৰে চোৱাৰ হেপাহ জাগে
তুমি নজনাকৈ তুমি নেদেখাকৈ
জীবনৰ তিনিখিলা পাতৰ এক অদ্ভূত তৃপ্তিৰ স্মৃ্তি
লাগি আছে প্রতিখন খিড়িকীত
মনত থাকি যায় মাথো দুখিলা পাতৰ সুবাস
আনমনা হৈ পৰো মাথো এখিলা পাতৰ গীত
যিয়ে মাথো দি যায় সুঘ্রান অতীত ৷

Friday 28 October 2011

মায়া- মমতা --

যন্ত্রনাৰ পৃথিবীত হেৰাই যোৱা কিছুমান শব্দ
মায়া, মমতা, অনুভব, অনুভূতি
দূৰলৈ আতৰি যোৱা পোহৰৰ বিচ্ছুৰন
কোলাহলৰ টোপনিত দেখা সপোন
আৰু পাৰ হৈ যাব খোজা ধুমুহাৰ উত্তাল গতি
নিৰব নিতাল শেহ ৰাতিৰ উৰুখা পঁজাত পৰা নিয়ৰৰ টোপ টোপ উচ্চাৰন
শিয়ালৰ আৰাওত গুঞ্জৰিত সভাত
নতুন চিনাকী সেই পৃথিবীৰ নতুন আলহীৰ স্বপ্ন
এনেদৰেই থাকি যায় সেই আপোন জনৰ খোজৰ চন্দ ৷

চিঠিবোৰ মোৰ ফালি নেপেলাবা

চিঠিবোৰ মোৰ ফালি নেপেলাবা
চিঠিবোৰৰ শব্দই নিস্তদ্ধ নিশা গৰজি উঠিব পাৰে
আৰু তুমি আটাহ পাৰি চিঞৰি উঠিব পাৰা
তুমি তোমাৰ অস্তিত্ব এবাৰ হলেও অনুভব কৰাছোন
অনুভব কৰা হেজাৰ নাৰীৰ বুকুৰ স্পন্দন
আইনাত নিজকে চোৱাছোন
তোমাৰ মুখাৰ আঁৰৰ মুখখন
ফাগুনৰ সেই অভিমন্যু বধৰ ভাওনা
হয়তো বিচাৰি পাব পাৰা কুন্তীৰ হেৰোৱা ঠিকনা
চিঠিবোৰ মোৰ ফালি নেপেলাবা.....

Thursday 27 October 2011

চিঠিবোৰ ফালি নেপেলাবা

চিঠিবোৰ মোৰ ফালি নেপেলাবা
চিঠিৰ শব্দই কেতিয়াবা তোমাক আমনি কৰিব পাৰে
অথবা তোমাৰ অশান্তি মাতি আনিব পাৰে
তথাপিও চিঠিবোৰ তুমি ফালি নেপেলাবা
মোৰ পাহৰি যোৱা ঠিকনাও তুমি চিঠিবোৰতে পাবা
যি ঠিকনা তুমি পাহৰিবলৈ যত্ন কৰিছা
সময়ে পাৰ ভাঙি আতৰি যাব খুজিলেও
প্রতিটো হিচাপৰ সাক্ষী হৈ ৰ'ব সেই স্মৃতি
যাক তুমি অতীত বুলি ভাবিছা
সেইয়াই তোমাৰ অন্তৰঙ্গতাৰ ছবি
চিঠিবোৰ তুমি ফালি নেপেলাবা ৷

Wednesday 26 October 2011

মৰমৰ অৰুনদ্ধতী---

শৰতৰ আকাশত তোমাৰ মেলাৰ অনুভূতি
বৰকৈ মনত পৰে জানা যেতিয়া তুমি দূৰলৈ আতৰি যোৱা
তোমাৰ সৈতে মোৰ জন্ম-জন্মান্তৰৰ সম্বন্ধ
অকলশৰীয়া প্রতিটো মূহুৰ্ত্তত তোমাৰ উপস্থিতি কামনা কৰো
নদী ববলৈ যিদৰে বতাহৰ প্রয়োজন নাই , নিজৰ সোঁতেই গতি
তেনেদৰেই প্রতিশ্রুতি দি যায় সেই পূৰনী সম্বন্ধই
আকুল আক্রান্ত প্রতিদিনৰ দিনলিপি ৷৷

মূহুৰ্ত্তৰ আলাপ --


জীবনৰ কিছুমান অসতৰ্ক মূহুৰ্ত্তত আমাৰ দুৰ্বলতাবোৰৰ লগত চিনাকী হয়
আৰু তেতিয়া কথোৰ বাস্তবে সঁকিয়াই দিয়ে প্রকৃত সত্য কি ?
কাক আমি বিশ্বাস কৰিব লাগে আৰু কিয় ?
তোমাৰ সমালোচনাৰ মুখামুখি হৈয়ো ভাললাগে
অথচ মৰ্মাহত হওঁ যেতিয়া তুমি আলোচনাত লিপ্ত হোৱা
তোমাৰ একপক্ষীয় বিচাৰধাৰাত মোৰ হৃদয় ক্ষত-বিক্ষত হৈ পৰে
এনেদৰেই জীবনৰ দুৰ্ঘটনাবোৰৰ সৈতে মুখামুখি হওঁ
মূহুৰ্ত্তৰ আলাপ হয় তোমাৰ লগত এনেদৰেই ..........
মূহুৰ্ত্তৰ  আলাপ --
এবাৰ তোমাক লগ পালেই মই হৃদয় খুলি ক'ম
কিমান মাতাল যৌৱনৰ ৰজনীগন্ধা
প্রতিটো কোঠাতেই বিয়পি আছে প্রেম কামনাৰ সীমাহীন তৃষ্ণা
মৌনতাত ডুব যোৱা নিয়ৰত তিতা ৰামধেনুৰ মেলা
তুমি আহিলেই মই প্রানখুলি কথা পাতিম
কিমান শুনিবা সেই উৰনীয়া চৰাইৰ কাহিনী
আবেগে দুৰ্বল কৰা এটি যুগৰ নিৰ্জন নিৰ্জনতা
শতসহস্র যুগে বাট হেৰুৱালেও
বতাহে বিচাৰি যাব সেই অমানিশাৰ হেৰুৱা চাকি ..............
 
মই নিবিছাৰো এনেকুৱা এখন জগত য'ত তুমি নাই
প্রতিটো ঋতুৰ বুকুতেইটো তোমাৰ জন্ম
অসম্ভব সেই হেৰুৱাৰ স্বপ্ন
অত্যন্ত আশাবাদী মই
যাৰ সতে গঁঠা আছে সময়
দুৰ্বোধ্য অথচ প্রেমময়
যান্ত্রিক আৰু চলনাময়
তথাপিও আকুল আক্রান্ত
যৌবনা উদ্দীপ্তময় ..........
কেতিয়াবা মোৰ মনত প্রশ্ন হয়,   যাক আমি পাহৰিব নোৱাৰো........
কাগজৰ ন-পুৰনী সুগন্ধিৰ স্মৃতিত যেন আমাৰ বহুতো স্মৃতি সোমাই আছে,
আধুনীক প্রযুক্তিবাদ্যাৰ উত্তৰনৰ ফলত কাগজখিলা কেতিয়াবা হেৰাই নেযাইটো ?
 
 
 

 

Tuesday 25 October 2011

ছিগালৰ প্রেম

তুমি  বাৰু  মোক  ভাল  পাইছিলানে  ?
মোৰ  সন্দেহ  হয়
এইয়া  অভিনয়  নে  সঁচা, 
বিশ্বাস  কৰো  তোমাৰ  প্রতিটো  কথা
বিশ্বাস  কৰো  প্রেমৰ  ৰামধেনুৰ  সাতো  ৰং
যদিওবা  আইনাৰ টুকুৰা-টুকুৰ  ভগ্নাৱেষত
সেই  বিষন্ন  অতীতৰ  দক্ষিনৰ  আকাশ
তুমি  মোক  সঁচাকৈয়ে  ভালপাইছিলানে  ?


এতিয়া  ছিগালবোৰে  সাঁতুৰিছে  সেই  বিগলিত  আকাশত  
আৰু  উদভ্রান্ত  ঢৌ  বোৰে  খুন্দিয়াইছে  সাগৰ   তীৰত
লাহে  লাহে  এন্ধাৰো  নামি  আহিবলৈ  ধৰিছে 
জ্বলি  থকা  মমবাতিডালো  গলি  গলি  নদীৰ  দৰে  বাগৰি  গৈছে
উঃস !  কি  যে  সেই  বিক্ষিপ্ত  যন্ত্রনা
তথাপিও  ভাললাগে  জানা  

তুমি  বাৰু  মোক  সঁচাকৈয়ে  ভালপাইছিলানে  ? 
মোৰ  প্রেমপ্রাপ্তিৰ  এই  যে  মন্ত্রমুগ্ধ  গতি 
আৰু  তাৰ  অন্তদৃষ্টিৰেই  নিগৰি  ওলোৱা  
এই  উমাল  সত্য  বোধশক্তি  
আকৌ  এবাৰ  তোমাক  সুধিছো
তুমি  বাৰু  মোক  সঁচাকৈয়ে  ভালপাইছিলানে  ?

চক্রবেহু --




‍‌এনেকৈয়ে হয়তো পাৰ হৈ গ'ল সময়
তেতিয়া জনাতো নাছিলো তুমি কোন
খিৰিকিৰ পাতত নিয়ৰৰ চাদৰত কবিতাৰ মাজত
তোমাৰ হাঁহি দেখিছিলো সময়ৰ স্বপ্ন গাঠি
তেতিয়া মই দুপৰীয়াৰ তেজৰঙা ৰ'দতো জিলিকা নাছিলো
আৰু তুমিও মোক নেদেখিলা --- কিয় জানা ?
তেতিয়া মোৰ কোনো অস্তিত্ব আলোকিত হোৱা নাছিল
সন্ধিয়াৰ আবেদন আছিল হিচাপ নোহোৱা তৰাৰ হিচাপ কৰা
সপোননো কাক কয় তাকো বুজা নাছিলো
ডপালপিতা বৰষুনৰ মাজতে মুখামুখি হৈছিলো তোমাৰ সতে
তোমাৰ হাঁহি শুনিছিলো মেঘৰ গৰ্জন আৰু বিজুলিৰ গতিত
তোমাৰ প্রেমৰ ভাগ মইয়ো বিচাৰিছিলো মোৰ প্রেম মণিহাৰেৰে
তুমিতো নাজানা তুমিতো নুবুজা, এইয়াই মোৰ জীপাল ৰাগিনী
অনুৰাগিনীৰ বিক্ষোভৰ জয়ঢোল বজাই গাইছিলো মেটলিক সঙ্গীত
ৰিমঝিম নিৰ্মোহ উপলদ্ধিৰ সেইয়াই আছিল চিনাকী অচিনাকী বাঁহী
এতিয়া মোৰ হৃদয়ৰ আশেপাশে মেৰিয়াই ধৰিছে অভিমন্যুৰ চক্রবেহু
সকলো যেন মিছা --
ভালেই হ'ল জানা তেতিয়া তুমি নেদেখিলা ৷৷

Monday 24 October 2011

এদিন শীতৰ জোনাকত তুমি --

শেৱালিজোপাৰ টোপ টোপ নিয়ৰত বহি অপেক্ষা কৰিছিলো

শীতৰ জোনাক ভাল লাগিছিল
প্রতিটো মূহুৰ্ত্তৰ উৎকন্ঠাত ওঁঠ দুখন কঁপি উঠিছিল
শীতৰ প্রেমৰ আবেগত কাঞ্চনজঙ্ঘাৰ ওপৰৰ বৰফবোৰ
গলি গলি নামি আহিছিল এনেদৰেই মূক শব্দ হৈ
নন্দন কাননৰ পাৰিজাতেও যেন ওলগ জনাইছিল
মিচিচিপিৰ পৰা ভল্গা নদীয়েদি চীনৰ হোৱাংহুৰ বুকুৱেদি
এক নম্র বিষন্নতাত তিতিছিল ব্রহ্মপুত্রৰ বুকু
এনেদৰেই আলোকিত হৈছিলো, এদিন শৰতৰ জোনাকত তুমি ৷৷

এবাৰ তোমাক লগ পালেই ---

এবাৰ তোমাক লগ পালেই ---

এবাৰ তোমাক লগ পালেই মই হৃদয় খুলি ক'ম
কিমান মাতাল যৌৱনৰ ৰজনীগন্ধা
প্রতিটো কোঠাতেই বিয়পি আছে প্রেম কামনাৰ সীমাহীন তৃষ্ণা
মৌনতাত ডুব যোৱা নিয়ৰত তিতা ৰামধেনুৰ মেলা
তুমি আহিলেই মই প্রানখুলি কথা পাতিম
কিমান শুনিবা সেই উৰনীয়া চৰাইৰ কাহিনী
আবেগে দুৰ্বল কৰা এটি যুগৰ নিৰ্জন নিৰ্জনতা
শতসহস্র যুগে বাট হেৰুৱালেও
বতাহে বিচাৰি যাব সেই অমানিশাৰ হেৰুৱা চাকি ..............

সোনাগাছিত গধুলি

কলকতা চহৰৰ ব্যস্তময় এলেকা চিত্তৰঞ্জন এভিনিউৰ দাঁতিতে পৃথিবীৰ আদিম ব্যৱসায়

সোনাগাছীৰ ব্যৱসায় -
গধুলি হলেই সোনাগাছি মুখৰ হৈ উঠে ব্যস্ততাত
পৃথিবীৰ আদিম প্রাৰ্থনা প্রেম, পৃথিবীৰ আদিম প্রাৰ্থনাটোৰ বিৰুদ্ধেই অনৈতিক ঘোষনা
তথাপিও নাৰী তুমি অৰ্দ্ধ আকাশ, তুমি মাতৃ শক্তিৰ দেবী
তোমাৰ চোতালৰ এচপৰা মাটিওযে শৰতৰ প্রতিমা
জোনাকত জিলিকি উঠে আৰু নিয়ৰতো সিক্ত হৈ পৰে
সমাজৰ বিচাৰ মঞ্চৰ অনৈতিকতা শব্দই সৃষ্টি কৰে নৈতিক সমাজখন
যিখন সমাজত থাকি যায় এই অসামাজিক পৃথিবীৰ নাৰী সকল
সিহঁতৰ হৃদয়ৰ প্রতিদ্ধনি আবদ্ধ হৈ ৰয় সেইখন অসামাজিক চোতালত
স্বপ্না, চিত্রা, ললিতাহঁতে সপোন দেখে দুৰ্গোৎসৱৰ মহলৰ
এইয়া যে এক অলিখিত শেৱালিৰ তলসৰা বেদনা বিধুৰ কাহিনী
দুৰ্বাৰ ইতিহাসৰ স্বপ্ন , অথচ বেদৰ গণিকাৰ সন্মান
অন্ধকাৰ সূৰ্য্যৰ আলাপ সোনাগাছি আৰু কালীঘাট - প্রয়োজন এখন ঘৰৰ ৷


  উত্তপ্ত জাপানৰ অশ্রু
 
বিশ্বশান্তিৰ সতৰ্ক মুহূৰ্ত্তবোৰতো উত্তৰ পূৱ জাপান কঁপি উঠিছিল এনেদৰেই
ৰাজধানী চহৰ টকিঅ'ৰ ফুকুশ্বিমাৰ বুকুৰ পৰমানু প্রকল্প ডাইছি উত্তপ্ত হৈ পৰিছিল
আৰু জাপানৰ ভাগ্যক পৰিহাস কৰি প্রশান্ত মহাসাগৰৰ বুকুত ছুনামী লহৰে অট্টহাস্য মাৰিছিল
চাৰেচাৰি লাখ জাপানীক অঘৰী কৰি আঢ়ৈ হেজাৰ মৃত জাপানীৰ গোন্ধ বিয়পি পৰিল
দহ হেজাৰ জাপানী সন্ধানহীন হ'ল, নিমিষতে নিঃচিহ্ন হৈ গ'ল এখন পূৰ্ন চহৰ
উঃস কিযে এক অবৰ্ননীয় অসহনীয় যন্ত্রনা !
চৈধ্যলাখ মানুহ পিয়াহত আতুৰ হ'ল
দ্বিতীয় মহাসমৰৰ নগাচাকি হিৰো'চিমাৰ পৰমাণু বিস্ফোৰনতকৈয়ো ভয়াবহ হ'ল জাপান
ভোক পিয়াহতকৈয়ো উত্তপ্ত হৈ পৰিল পৰমানু চুলাবোৰ
ভয়ংকৰ তেজস্ক্রিয় আয়ো'ডিনে আগুৰি ধৰিলে জাপানৰ বতাহ
সংগ্রামশীল জাপানে এদিন নতুন আশালৈ চেৰী ফুলৰ দৰেই হাঁহিবলৈ শিকিছিল
কিন্তু প্রকৃতিৰ তান্ডব নৃত্যত জাপান তেনেই থকাসৰকা হ'ল
এই নিষ্ঠুৰতাই চৰমতকৈয়ো চৰম সীমা অতিক্রম কৰিলে
এতিয়া ছিগালবোৰে মৰাশ' বিচাৰি মহাসাগৰৰ ওপৰত পগলাৰ দৰে উৰিছে
প্রকৃতিৰ ধংশমুখী প্রতিযোগীতাই সমগ্র মানৱজাতীৰ সন্মুখত এক প্রত্যাহ্বান ৰূপে থিয় দিছে
প্রশ্ন কৰিছো বিশ্বৰ মানৱজাতি নিৰাপদনে ?
এতিয়া বহুত হুমুনিয়াহ আৰু চকুপানীয়ে বতাহৰ পাল তৰী দিছে
পৃথিবীৰ প্রানীজগত যেন প্রকৃতিৰ গোপন শত্রু আৰু
১৯৮৬ চনৰ চোভিয়েট ৰাচিয়াৰ চেৰনচিলৰ পৰমানু বিষ্ফোৰনতকৈয়ো নিৰ্দয় কথোৰ ৷




                

হুগলীৰ পাৰৰ বৃদ্ধ প্রেমিকজন



আজি বহুবছৰেই কতালা তুমি এই হুগলীৰ পাৰত
এই হুগলীয়েই এদিন মত্ত্যলৈ নামি আহিছিল ভাগীৰথী
আৰু দেশৰ বুকুৱেদিও বৈ গৈছিল ব্রহ্মাৰ পুত্র হৈ
তুমি জিৰাইছিলা দিখৌ দিহিং দিচাংৰ পাৰে পাৰে
গোন্ধ লৈছিলা আৰু স্পৰ্শ কৰিছিলা, এনেকৈয়ে তুমি হেৰাই গৈছিলা
তোমাৰ নতুন জন্ম হৈছিল ভাষা সংস্কৃতিৰ মাজেৰে
সমগ্র জীবন তুমি এই ৰূপতৃষ্ণাৰ সন্ধানতে পাৰ কৰিলা
ষ'ত ফুল ফুলে, যিফালে মেঘ উৰে, গিৰিশৃংগই য'ত মুৰ দাঙি উঠে, যিফালে নৈ বয়,
য'ত যুবতীয়ে সংকুচিত হৈ শংকা মনেৰে গমন কৰে, এইযে সুন্দৰ কুসুমবোৰ
তোমাৰ চকুৰ আগতে লাহে লাহে শুকাই মৰহি যোৱা তুমি দেখিছা
ফুল সৰি যায়, ফলবোৰো পূৰঠ হৈ পকি সৰি যায়, মেঘবোৰো চঞ্চল হৈ উৰি আতৰি যায়,
গিৰিৰাজ লুকাই পৰে ধূমায়িত ডাৱৰৰ মাজত, আঁউসীৰ বুকুত জোনেও মৃত্যু কামনা কৰে,
নক্ষত্রও সৰি পৰে পৃথিবীৰ বুকুত, নিষ্ঠুৰ ব্যাধি আৰু অবাঞ্চিত মৃত্যুৱেও সাবতি লয় নিষ্পাপ শিশুটিক - এনেদৰেই চাইছা তুমি জীবনৰ ছবি,
তথাপিও তুমি উৰিব খোজা সুতাচিগা চিলাৰ দৰে
জীবনৰ অলিয়ে গলিয়ে  এৰি অহা ৰং বিচাৰি
জীবন যৌবন ধৰ্ম দৈহিক সুখ এইবোৰ জানো অসাৰ শূন্য হৈ নপৰিব
কাংক্ষিত সুখৰ ছয়াময়া ৰূপ মায়াজালত বন্দী ইয়াতে বান্ধিব খোজা নেকী জীবনৰ নদী
এতিয়াও সপোন দেখানে তুমি সেই পূৰনী হুগলী পাৰৰ বাংকময় স্মৃ্তিৰ ৷

তুমি সাজ সলালেই-

তুমি সাজ সলালেই-

তুমি সাজ সলালেই মই উন্মাদ হৈ পৰো
আৰু বিচাৰি যাওঁ তোমাৰ ৰূপ কাঁচিয়লি
পোহৰত তুমি জিলমিলাই উঠা প্রতিটো প্রহৰ গচকি
সেই নদীয়েদি নামি আহা আলোকিত হৈ
আৰু মই তন্ময় হৈ পৰো ৷

তোমাক বিচাৰি যাওঁ ...........

জীৱনে পাখি মেলি দিয়া ৰঙৰ পোহৰত মই সাৰপাই উঠোঁ আৰু
তোমাক বিচাৰি যাওঁ সন্ধানৰ বাটত…………
বৰষুণত তিতা দিনবোৰতো তোমাৰ উপস্থিতি কামনা কৰোঁ
আকৌ উভতি যাবলৈ বিচাৰো পুৰণি সেই দিনবোৰলৈ
মিঠা মিঠা দিনবোৰৰ সেইয়াই যেন ইতিহাস
আৰু ভালপোৱা আবেগৰ ছন্দময় জীৱনৰ উল্লাস
সাৰ পালেই সপোন ভাগে …………
ৰ’দৰ পোহৰত যাত্রা আৰম্ভ হয় সেই বাটেদি
যি বাটেদি তুমি আহিছিলা মোৰ সপোনৰ পাৰ ভাঙি ৷


মই  নিবিছাৰো ...........

মই নিবিছাৰো এনেকুৱা এখন জগত য'ত তুমি নাই
প্রতিটো ঋতুৰ বুকুতেইটো তোমাৰ জন্ম
অসম্ভব সেই হেৰুৱাৰ স্বপ্ন
অত্যন্ত আশাবাদী মই
যাৰ সতে গঁঠা আছে সময়
দুৰ্বোধ্য অথচ প্রেমময়
যান্ত্রিক আৰু চলনাময়
তথাপিও আকুল আক্রান্ত
যৌবনা উদ্দীপ্তময় ..........