Tuesday 25 October 2011

চক্রবেহু --




‍‌এনেকৈয়ে হয়তো পাৰ হৈ গ'ল সময়
তেতিয়া জনাতো নাছিলো তুমি কোন
খিৰিকিৰ পাতত নিয়ৰৰ চাদৰত কবিতাৰ মাজত
তোমাৰ হাঁহি দেখিছিলো সময়ৰ স্বপ্ন গাঠি
তেতিয়া মই দুপৰীয়াৰ তেজৰঙা ৰ'দতো জিলিকা নাছিলো
আৰু তুমিও মোক নেদেখিলা --- কিয় জানা ?
তেতিয়া মোৰ কোনো অস্তিত্ব আলোকিত হোৱা নাছিল
সন্ধিয়াৰ আবেদন আছিল হিচাপ নোহোৱা তৰাৰ হিচাপ কৰা
সপোননো কাক কয় তাকো বুজা নাছিলো
ডপালপিতা বৰষুনৰ মাজতে মুখামুখি হৈছিলো তোমাৰ সতে
তোমাৰ হাঁহি শুনিছিলো মেঘৰ গৰ্জন আৰু বিজুলিৰ গতিত
তোমাৰ প্রেমৰ ভাগ মইয়ো বিচাৰিছিলো মোৰ প্রেম মণিহাৰেৰে
তুমিতো নাজানা তুমিতো নুবুজা, এইয়াই মোৰ জীপাল ৰাগিনী
অনুৰাগিনীৰ বিক্ষোভৰ জয়ঢোল বজাই গাইছিলো মেটলিক সঙ্গীত
ৰিমঝিম নিৰ্মোহ উপলদ্ধিৰ সেইয়াই আছিল চিনাকী অচিনাকী বাঁহী
এতিয়া মোৰ হৃদয়ৰ আশেপাশে মেৰিয়াই ধৰিছে অভিমন্যুৰ চক্রবেহু
সকলো যেন মিছা --
ভালেই হ'ল জানা তেতিয়া তুমি নেদেখিলা ৷৷

No comments:

Post a Comment