Sunday, 30 October 2011

প্রকৃত শব্দ --



পৃথিবীৰ প্রকৃত শব্দইটো মৃত্যু
তুমিও জানা --
অথচ ! পথৰ সন্ধান বিচাৰিছা
চকুলোৰ ঠিকনাত মাথো সোঁৱৰন
এমুঠি শ্রদ্ধাঞ্জলি
এইয়াই জীবনৰ বিভিন্ন পথৰ যাত্রা
অদ্ভূত সেই চিনাকী পৰ্ব
প্রেম ভালপোৱাৰে গঢ়া
মাটিৰ চাকিৰ শলিতাই
গচকি যায় পোহৰৰ বাট
নিয়ৰেও চিনাকী দি যায়
সঞ্চিত বুকুৰ টোপাল
আৰু তোমাৰ পৰিচয় হয় মোৰ সতে
সপোনৰ বালিচৰাত ৷
(২০০৮ চনৰ ৩০ অক্টোবৰ সুঁৱৰি )

No comments:

Post a Comment