Saturday, 29 October 2011

খিড়িকী --

খিড়িকীৰ মুখতেই তোমাৰ জন্ম
বাৰে বাৰে চোৱাৰ হেপাহ জাগে
তুমি নজনাকৈ তুমি নেদেখাকৈ
জীবনৰ তিনিখিলা পাতৰ এক অদ্ভূত তৃপ্তিৰ স্মৃ্তি
লাগি আছে প্রতিখন খিড়িকীত
মনত থাকি যায় মাথো দুখিলা পাতৰ সুবাস
আনমনা হৈ পৰো মাথো এখিলা পাতৰ গীত
যিয়ে মাথো দি যায় সুঘ্রান অতীত ৷

No comments:

Post a Comment