Monday, 24 October 2011

তোমাক বিচাৰি যাওঁ ...........

জীৱনে পাখি মেলি দিয়া ৰঙৰ পোহৰত মই সাৰপাই উঠোঁ আৰু
তোমাক বিচাৰি যাওঁ সন্ধানৰ বাটত…………
বৰষুণত তিতা দিনবোৰতো তোমাৰ উপস্থিতি কামনা কৰোঁ
আকৌ উভতি যাবলৈ বিচাৰো পুৰণি সেই দিনবোৰলৈ
মিঠা মিঠা দিনবোৰৰ সেইয়াই যেন ইতিহাস
আৰু ভালপোৱা আবেগৰ ছন্দময় জীৱনৰ উল্লাস
সাৰ পালেই সপোন ভাগে …………
ৰ’দৰ পোহৰত যাত্রা আৰম্ভ হয় সেই বাটেদি
যি বাটেদি তুমি আহিছিলা মোৰ সপোনৰ পাৰ ভাঙি ৷


মই  নিবিছাৰো ...........

মই নিবিছাৰো এনেকুৱা এখন জগত য'ত তুমি নাই
প্রতিটো ঋতুৰ বুকুতেইটো তোমাৰ জন্ম
অসম্ভব সেই হেৰুৱাৰ স্বপ্ন
অত্যন্ত আশাবাদী মই
যাৰ সতে গঁঠা আছে সময়
দুৰ্বোধ্য অথচ প্রেমময়
যান্ত্রিক আৰু চলনাময়
তথাপিও আকুল আক্রান্ত
যৌবনা উদ্দীপ্তময় ..........




2 comments:

  1. কিবা এটা বিচাৰি থাকোতে আপোনাৰ ব্লগত সোমায় পৰিলো । কবিতা বিলাক পঢ়ি ভাল লাগিল ।

    ReplyDelete
  2. ধুনীয়া... . মোৰ হৃদয়ৰ মাজত গুণাগুণাই থকা কথাবোৰৰ লগত জড়িত হৈ আছে শব্দবোৰ|

    ReplyDelete