Wednesday 26 October 2011

মূহুৰ্ত্তৰ আলাপ --


জীবনৰ কিছুমান অসতৰ্ক মূহুৰ্ত্তত আমাৰ দুৰ্বলতাবোৰৰ লগত চিনাকী হয়
আৰু তেতিয়া কথোৰ বাস্তবে সঁকিয়াই দিয়ে প্রকৃত সত্য কি ?
কাক আমি বিশ্বাস কৰিব লাগে আৰু কিয় ?
তোমাৰ সমালোচনাৰ মুখামুখি হৈয়ো ভাললাগে
অথচ মৰ্মাহত হওঁ যেতিয়া তুমি আলোচনাত লিপ্ত হোৱা
তোমাৰ একপক্ষীয় বিচাৰধাৰাত মোৰ হৃদয় ক্ষত-বিক্ষত হৈ পৰে
এনেদৰেই জীবনৰ দুৰ্ঘটনাবোৰৰ সৈতে মুখামুখি হওঁ
মূহুৰ্ত্তৰ আলাপ হয় তোমাৰ লগত এনেদৰেই ..........
মূহুৰ্ত্তৰ  আলাপ --
এবাৰ তোমাক লগ পালেই মই হৃদয় খুলি ক'ম
কিমান মাতাল যৌৱনৰ ৰজনীগন্ধা
প্রতিটো কোঠাতেই বিয়পি আছে প্রেম কামনাৰ সীমাহীন তৃষ্ণা
মৌনতাত ডুব যোৱা নিয়ৰত তিতা ৰামধেনুৰ মেলা
তুমি আহিলেই মই প্রানখুলি কথা পাতিম
কিমান শুনিবা সেই উৰনীয়া চৰাইৰ কাহিনী
আবেগে দুৰ্বল কৰা এটি যুগৰ নিৰ্জন নিৰ্জনতা
শতসহস্র যুগে বাট হেৰুৱালেও
বতাহে বিচাৰি যাব সেই অমানিশাৰ হেৰুৱা চাকি ..............
 
মই নিবিছাৰো এনেকুৱা এখন জগত য'ত তুমি নাই
প্রতিটো ঋতুৰ বুকুতেইটো তোমাৰ জন্ম
অসম্ভব সেই হেৰুৱাৰ স্বপ্ন
অত্যন্ত আশাবাদী মই
যাৰ সতে গঁঠা আছে সময়
দুৰ্বোধ্য অথচ প্রেমময়
যান্ত্রিক আৰু চলনাময়
তথাপিও আকুল আক্রান্ত
যৌবনা উদ্দীপ্তময় ..........
কেতিয়াবা মোৰ মনত প্রশ্ন হয়,   যাক আমি পাহৰিব নোৱাৰো........
কাগজৰ ন-পুৰনী সুগন্ধিৰ স্মৃতিত যেন আমাৰ বহুতো স্মৃতি সোমাই আছে,
আধুনীক প্রযুক্তিবাদ্যাৰ উত্তৰনৰ ফলত কাগজখিলা কেতিয়াবা হেৰাই নেযাইটো ?
 
 
 

 

No comments:

Post a Comment