Monday 24 October 2011

সোনাগাছিত গধুলি

কলকতা চহৰৰ ব্যস্তময় এলেকা চিত্তৰঞ্জন এভিনিউৰ দাঁতিতে পৃথিবীৰ আদিম ব্যৱসায়

সোনাগাছীৰ ব্যৱসায় -
গধুলি হলেই সোনাগাছি মুখৰ হৈ উঠে ব্যস্ততাত
পৃথিবীৰ আদিম প্রাৰ্থনা প্রেম, পৃথিবীৰ আদিম প্রাৰ্থনাটোৰ বিৰুদ্ধেই অনৈতিক ঘোষনা
তথাপিও নাৰী তুমি অৰ্দ্ধ আকাশ, তুমি মাতৃ শক্তিৰ দেবী
তোমাৰ চোতালৰ এচপৰা মাটিওযে শৰতৰ প্রতিমা
জোনাকত জিলিকি উঠে আৰু নিয়ৰতো সিক্ত হৈ পৰে
সমাজৰ বিচাৰ মঞ্চৰ অনৈতিকতা শব্দই সৃষ্টি কৰে নৈতিক সমাজখন
যিখন সমাজত থাকি যায় এই অসামাজিক পৃথিবীৰ নাৰী সকল
সিহঁতৰ হৃদয়ৰ প্রতিদ্ধনি আবদ্ধ হৈ ৰয় সেইখন অসামাজিক চোতালত
স্বপ্না, চিত্রা, ললিতাহঁতে সপোন দেখে দুৰ্গোৎসৱৰ মহলৰ
এইয়া যে এক অলিখিত শেৱালিৰ তলসৰা বেদনা বিধুৰ কাহিনী
দুৰ্বাৰ ইতিহাসৰ স্বপ্ন , অথচ বেদৰ গণিকাৰ সন্মান
অন্ধকাৰ সূৰ্য্যৰ আলাপ সোনাগাছি আৰু কালীঘাট - প্রয়োজন এখন ঘৰৰ ৷


  উত্তপ্ত জাপানৰ অশ্রু
 
বিশ্বশান্তিৰ সতৰ্ক মুহূৰ্ত্তবোৰতো উত্তৰ পূৱ জাপান কঁপি উঠিছিল এনেদৰেই
ৰাজধানী চহৰ টকিঅ'ৰ ফুকুশ্বিমাৰ বুকুৰ পৰমানু প্রকল্প ডাইছি উত্তপ্ত হৈ পৰিছিল
আৰু জাপানৰ ভাগ্যক পৰিহাস কৰি প্রশান্ত মহাসাগৰৰ বুকুত ছুনামী লহৰে অট্টহাস্য মাৰিছিল
চাৰেচাৰি লাখ জাপানীক অঘৰী কৰি আঢ়ৈ হেজাৰ মৃত জাপানীৰ গোন্ধ বিয়পি পৰিল
দহ হেজাৰ জাপানী সন্ধানহীন হ'ল, নিমিষতে নিঃচিহ্ন হৈ গ'ল এখন পূৰ্ন চহৰ
উঃস কিযে এক অবৰ্ননীয় অসহনীয় যন্ত্রনা !
চৈধ্যলাখ মানুহ পিয়াহত আতুৰ হ'ল
দ্বিতীয় মহাসমৰৰ নগাচাকি হিৰো'চিমাৰ পৰমাণু বিস্ফোৰনতকৈয়ো ভয়াবহ হ'ল জাপান
ভোক পিয়াহতকৈয়ো উত্তপ্ত হৈ পৰিল পৰমানু চুলাবোৰ
ভয়ংকৰ তেজস্ক্রিয় আয়ো'ডিনে আগুৰি ধৰিলে জাপানৰ বতাহ
সংগ্রামশীল জাপানে এদিন নতুন আশালৈ চেৰী ফুলৰ দৰেই হাঁহিবলৈ শিকিছিল
কিন্তু প্রকৃতিৰ তান্ডব নৃত্যত জাপান তেনেই থকাসৰকা হ'ল
এই নিষ্ঠুৰতাই চৰমতকৈয়ো চৰম সীমা অতিক্রম কৰিলে
এতিয়া ছিগালবোৰে মৰাশ' বিচাৰি মহাসাগৰৰ ওপৰত পগলাৰ দৰে উৰিছে
প্রকৃতিৰ ধংশমুখী প্রতিযোগীতাই সমগ্র মানৱজাতীৰ সন্মুখত এক প্রত্যাহ্বান ৰূপে থিয় দিছে
প্রশ্ন কৰিছো বিশ্বৰ মানৱজাতি নিৰাপদনে ?
এতিয়া বহুত হুমুনিয়াহ আৰু চকুপানীয়ে বতাহৰ পাল তৰী দিছে
পৃথিবীৰ প্রানীজগত যেন প্রকৃতিৰ গোপন শত্রু আৰু
১৯৮৬ চনৰ চোভিয়েট ৰাচিয়াৰ চেৰনচিলৰ পৰমানু বিষ্ফোৰনতকৈয়ো নিৰ্দয় কথোৰ ৷




                

No comments:

Post a Comment