তুমি বাৰু মোক ভাল পাইছিলানে ?
মোৰ সন্দেহ হয়
এইয়া অভিনয় নে সঁচা,
বিশ্বাস কৰো তোমাৰ প্রতিটো কথা
বিশ্বাস কৰো প্রেমৰ ৰামধেনুৰ সাতো ৰং
যদিওবা আইনাৰ টুকুৰা-টুকুৰ ভগ্নাৱেষত
সেই বিষন্ন অতীতৰ দক্ষিনৰ আকাশ
তুমি মোক সঁচাকৈয়ে ভালপাইছিলানে ?
এতিয়া ছিগালবোৰে সাঁতুৰিছে সেই বিগলিত আকাশত
আৰু উদভ্রান্ত ঢৌ বোৰে খুন্দিয়াইছে সাগৰ তীৰত
লাহে লাহে এন্ধাৰো নামি আহিবলৈ ধৰিছে
জ্বলি থকা মমবাতিডালো গলি গলি নদীৰ দৰে বাগৰি গৈছে
উঃস ! কি যে সেই বিক্ষিপ্ত যন্ত্রনা
তথাপিও ভাললাগে জানা
তুমি বাৰু মোক সঁচাকৈয়ে ভালপাইছিলানে ?
মোৰ প্রেমপ্রাপ্তিৰ এই যে মন্ত্রমুগ্ধ গতি
আৰু তাৰ অন্তদৃষ্টিৰেই নিগৰি ওলোৱা
এই উমাল সত্য বোধশক্তি
আকৌ এবাৰ তোমাক সুধিছো
তুমি বাৰু মোক সঁচাকৈয়ে ভালপাইছিলানে ?
মোৰ সন্দেহ হয়
এইয়া অভিনয় নে সঁচা,
বিশ্বাস কৰো তোমাৰ প্রতিটো কথা
বিশ্বাস কৰো প্রেমৰ ৰামধেনুৰ সাতো ৰং
যদিওবা আইনাৰ টুকুৰা-টুকুৰ ভগ্নাৱেষত
সেই বিষন্ন অতীতৰ দক্ষিনৰ আকাশ
তুমি মোক সঁচাকৈয়ে ভালপাইছিলানে ?
এতিয়া ছিগালবোৰে সাঁতুৰিছে সেই বিগলিত আকাশত
আৰু উদভ্রান্ত ঢৌ বোৰে খুন্দিয়াইছে সাগৰ তীৰত
লাহে লাহে এন্ধাৰো নামি আহিবলৈ ধৰিছে
জ্বলি থকা মমবাতিডালো গলি গলি নদীৰ দৰে বাগৰি গৈছে
উঃস ! কি যে সেই বিক্ষিপ্ত যন্ত্রনা
তথাপিও ভাললাগে জানা
তুমি বাৰু মোক সঁচাকৈয়ে ভালপাইছিলানে ?
মোৰ প্রেমপ্রাপ্তিৰ এই যে মন্ত্রমুগ্ধ গতি
আৰু তাৰ অন্তদৃষ্টিৰেই নিগৰি ওলোৱা
এই উমাল সত্য বোধশক্তি
আকৌ এবাৰ তোমাক সুধিছো
তুমি বাৰু মোক সঁচাকৈয়ে ভালপাইছিলানে ?
Kobitatuwe mon Sui gol
ReplyDelete