এদিন শীতৰ জোনাকত তুমি --
শেৱালিজোপাৰ টোপ টোপ নিয়ৰত বহি অপেক্ষা কৰিছিলো
শীতৰ জোনাক ভাল লাগিছিল
প্রতিটো মূহুৰ্ত্তৰ উৎকন্ঠাত ওঁঠ দুখন কঁপি উঠিছিল
শীতৰ প্রেমৰ আবেগত কাঞ্চনজঙ্ঘাৰ ওপৰৰ বৰফবোৰ
গলি গলি নামি আহিছিল এনেদৰেই মূক শব্দ হৈ
নন্দন কাননৰ পাৰিজাতেও যেন ওলগ জনাইছিল
মিচিচিপিৰ পৰা ভল্গা নদীয়েদি চীনৰ হোৱাংহুৰ বুকুৱেদি
এক নম্র বিষন্নতাত তিতিছিল ব্রহ্মপুত্রৰ বুকু
এনেদৰেই আলোকিত হৈছিলো, এদিন শৰতৰ জোনাকত তুমি ৷৷
No comments:
Post a Comment