সুৰ আৰু সন্ধান
শীতৰ আঘাটত কঁপি উঠা জোনবাইৰ মুখখন আৰু মোৰ ভৰিৰ তলৰ সেউজী দুৱৰিজনী
কেতিয়াবা তেনেই মুচকচ হৈ পৰা দেখিছো
মই দেখিছো কেতিয়াবা উচুপি উঠা
জীৱন নদীৰ পাৰে পাৰে বিস্তৃত হৈ পৰা
আকাশে বতাহে বুকুৰ ভিতৰে বাহিৰে
শুনিছো হেজাৰ নিশাৰ বিলাপৰ প্রতিদ্ধনী
অথচ তুমি লিপ্ত হৈ পৰিছা
নিবিচৰা সেই শব্দৰ আলিংগনত
আৰু উন্মাদ হৈ পৰিছা
সেই নিষ্ঠুৰ আঘাটৰ যাত্রা
সাবতি সাবতি ৷
No comments:
Post a Comment