Sunday, 13 November 2011

সুৰ আৰু সন্ধান

শীতৰ  আঘাটত  কঁপি  উঠা  জোনবাইৰ  মুখখন  
আৰু  মোৰ  ভৰিৰ  তলৰ  সেউজী  দুৱৰিজনী 
কেতিয়াবা  তেনেই  মুচকচ  হৈ  পৰা  দেখিছো  
মই  দেখিছো  কেতিয়াবা  উচুপি  উঠা  
জীৱন  নদীৰ  পাৰে  পাৰে  বিস্তৃত  হৈ  পৰা 
আকাশে  বতাহে  বুকুৰ  ভিতৰে  বাহিৰে  
শুনিছো  হেজাৰ  নিশাৰ  বিলাপৰ  প্রতিদ্ধনী  
অথচ  তুমি  লিপ্ত  হৈ  পৰিছা 
নিবিচৰা  সেই  শব্দৰ  আলিংগনত
আৰু  উন্মাদ  হৈ  পৰিছা  
সেই  নিষ্ঠুৰ  আঘাটৰ  যাত্রা 
সাবতি  সাবতি  ৷
 

No comments:

Post a Comment