Wednesday 9 November 2011

তুমি ভূষণ ভূলিংগ

কম্পিত আজি সুৰৰ চোতাল
হাহাকাৰ পৃথিৱীৰ পোহৰৰ
নাই আস্বাদন নাই আলিঙ্গন
হেৰাই যোৱা নদীও স্থবিৰ
যন্ত্রনাত চেপা খোৱা কিছু শব্দৰ
মাথো আষ্ফালন
তুমি নাই তুমি নাই
ৰূপচকলীয়াৰ বিহংগমী দৃষ্টিতো
হতাশাৰ ৰূপকথা
মানৱ ৰূপান্তৰীত তুমি
তুমি জীৱনত কিংবদন্তি হৈ
জীৱন্ত হে মহা মা - নৱ
তুমি ভূষণ ভূলিংগ
তুষাৰ বিস্তৃত সাগৰৰ পাৰে পাৰে যাত্রা
ক্লান্ত এতিয়া প্রানগঙ্গাৰ ছবি ৷

No comments:

Post a Comment