শিল্পীৰ পৃথিবী
শিল্পীৰ পৃথিবীত এবাৰেই জন্ম হয় ৷ কিয়নো এজন শিল্পী স্বয়ং ভগবানৰে অন্য এক ৰূপ ৷
মই গৌৰাম্বিত ৷ মই গৌৰাম্বিত এই কাৰনেই যে, মোৰ দেশতেই স্বয়ং ভগবানেই মনুষ্য ৰূপত জন্ম গ্রহন কৰিছিল ৷ সেই ভগবানৰ স্বৰূপ দৰ্শন কৰাৰ মোৰ সৌভাগ্য লাভ হৈছিল ৷ মই ধণ্য হৈছিলো তেওঁৰ সানিধ্য লাভত আৰু মই পবিত্রতাৰ সুগন্ধত মোৰ জনমভূমি সুগন্ধিত হৈ উঠিছিল ৷ সেই সুগন্ধ বিয়পি পৰিছিল দেশে দেশে কোনে কোনে হৃদয়ে হৃদয়ে বিশ্বৰ পৰিধি ভাঙি ৷
সেইখনেই মোৰ মৰমৰ পূণ্য জন্মভূমি অসম আৰু অসমীয়া ৷
মোৰ এই পূণ্যভূমিতেই মহা মা নৱৰ জন্ম ৷
ইয়াতেই ৰচনা হৈছিল মৃত্যুৰ এক সত্য যাত্রাৰ শিল্পৰ কবিতা ৷ হৃদয়ৰ কবিতা আৰু কবিতাৰ কন্ঠ ৷ এক উদাক্ত কন্ঠ ৷ এক অপৰাজেয় কন্ঠ ৷ এখন ছবিৰ কন্ঠ ৷ যি কন্ঠৰ ধ্বনীত নিনাদিত হৈছিল বিশ্বৰ প্রতিখন হৃদয় ৷ যি হৃদয়ত আছিল পিতৃত্ব ৷ যি পিতৃ আছিল অমৰত্ব ৷ সেই দুৰন্ত হৃদয়ৰ প্রেমিক তুমি চিৰ নমষ্য ৷
No comments:
Post a Comment