Tuesday 1 November 2011

মহামানব

হে মহামানৰ তোমাৰ যাত্রা অবিৰত
প্রতিটো ঋতুতেই প্রতিটো প্রহৰতে
তোমাৰ জন্ম
অবিৰত তোমাৰ জন্ম
কোনো কালতেই স্থবিৰ নহয়
তোমাৰ যাত্রা
হৃদয়ৰ আশেপাশে মেৰিয়াই থকা
তোমাৰ আকাশীলতাৰো স্বপ্ন
তুমি প্রিয় প্রিয়তম
মা - নব
অতীত, বৰ্ত্তমান আৰু ভবিষ্যৎ
কেবল যাত্রাৰ জয়গান
তুমি পাহৰিব পাৰা
তোমাৰ পথৰ গতি
তুমি হেৰুৱাব পাৰা
তোমাৰ স্মৃতি
তোমাৰ তৃপ্তি
গন্ধ, স্পৰ্শ আৰু আলিংগন
এইয়াই ক্ষনিকৰ আত্মবিলুপ্তি
জন্ম - জন্মান্তৰে
তুমি মা - নব স্বীকৃতি

No comments:

Post a Comment