Wednesday 9 November 2011

শিল্পীৰ পৃথিবী

শিল্পীৰ পৃথিবীত এবাৰেই জন্ম হয় ৷ কিয়নো এজন শিল্পী স্বয়ং ভগবানৰ অন্য ৰূপ ৷
মই গৌৰাম্বিত ৷ মই গৌৰাম্বিত এই কাৰনেই যে, মোৰ দেশত স্বয়ং ভগবানে মনুষ্য ৰূপত জন্ম লৈছিল ৷ মহা পূণ্যভূমি মোৰ দেশ ৷ মৰি মৰিও যেন পুনৰ জন্ম হয় মোৰ এই দেশতেই ৷ যিখন দেশত মহা মা - নৱৰ জন্ম, সেইখন দেশ মোৰ পূণ্যতকৈয়ো পূণ্যভূমি মোৰ মৰমৰ অসম আৰু অসমীয়া ৷
মৃত্যুৰ এক সত্য যাত্রাৰ শিল্পৰ কবিতা ৷ হৃদয়ৰ কবিতা আৰু কবিতাৰ কন্ঠ ৷
এক উদাক্ত কন্ঠ ৷ এক অপৰাজেয় কন্ঠ ৷ এখন ছবিৰ কন্ঠ ৷
যি কন্ঠৰ শব্দত ধ্বনিত হৈছে আজি সমগ্র বিশ্ব ৷ যি বিশ্বত নিনাদিত হৈছে আজি পিতৃত্ব ৷ যি বিশ্বত জিলিকিছে আজি অমৰত্ব ৷ তুমি সেই বিশ্ব বন্দিত চিৰ নমষ্য ৷

No comments:

Post a Comment