Wednesday 16 November 2011

নগ্ন জীৱন যুদ্ধ --

শীতৰ সুগন্ধত পুৱতি নিশা নিয়ৰৰে আলিংগন
ভিজি যায় মোৰ সমস্ত শৰীৰ
মই মুগ্ধ হৈ পৰো সপোন কাননত
সৃষ্টি দেৱীৰ স্পৰ্শ আৰু চুম্বনত
শিহৰন যাত্রাৰ আলোকময়ী চিত্র
মগজুৰ ভিতৰে বাহিৰে স্বপ্নমগ্নতাত আছন্ন শৰীৰ
উত্তাপৰ চৰমসীমাত আশ্বাৰ্য্য চেতনাৰ
আক্ষেপ হয় --
আক্ষেপ হয় চয়তানৰ পৃথিৱীত মমতাৰ যাত্রা
আলোকিত সুৱাসিত প্রেম ভালপোৱাৰ
আৰু কুসুম শব্দৰ স্ফুলিংগ বিয়পি পৰা
প্রতিখন হৃদয়ৰ বৈদ্যুতিক তৰঙ্গ
নগ্ন জীৱন যুদ্ধৰ এখন পাৰ্থিব চিত্র ৷

No comments:

Post a Comment