Tuesday 1 November 2011

মা -- নব

যাক আমি সমাজৰ আৱৰ্জনা বুলি ভাবো, তেওঁৱেই আমাৰ প্র্রয়োজনীয় ৷ যাক আমি ঘৃনা কৰিবলৈ চেষ্টা কৰোঁ, তেওঁৱেই আমাৰ অতি প্রিয়  |  যিজন আমাৰ কাষত থাকিব বুলি বিশ্বাস কৰো, তেওঁৱেই আমাৰ দূৰত্ব ৷
মই তোমাৰ মাজত আছো । মোক তুমি ঘৃনা, মৰম, ভালপোৱা অথবা শত্রুতাও কৰিব পাৰা । জীবনৰ অনন্য বালিচৰাত তুমিওটো মোৰ সহযাত্রী ৷ কিয়নো মই তোমাৰ হৃদয়ত আছো ৷ উপলদ্ধিৰ সীমনাত এক জটীল প্রশ্ন - তুমি কোন ? উত্তৰেই তোমাৰ সহযাত্রী ৷ অনুপম যাত্রাৰ সংগী ৷
মই তোমাৰ মাজত আছো ৷ সংস্কৃতত আছে, '' মা নব'' ৷ অৰ্থাৎ ''মই'' নতুন নহয় ৷ ''মই'' আগতেও আছিলো, এতিয়াও আছো আৰু ভবিষ্যতেও থাকিম ৷

1 comment:

  1. moyei tumi
    aji nohole kaile
    eya jolmoliya xotyo jodio niraxapurna nohoine..?

    ReplyDelete